অসমীয়া প্ৰেমৰ কবিতা

অসমীয়া প্ৰেমৰ কবিতা



■■প্ৰেমিক চৰাই■■

মই এক প্ৰেমিক চৰাই,

কত ঠাই ঘূৰি ফুৰিলো

মোৰ অকণমানি ডেউকা কোবাই,

গছে গছে ডালে পাতে

তথাপিও বাৰে বাৰে ঘূৰি আহো

তোৰ হৃদয় চামিয়ানাৰ

তলতে আছে মোৰ হেঁপাহৰ ঠাই।

তোৰ ঝংকাৰিত হৃদয়বীণাৰ

মধুগুঞ্জণে বাৰে বাৰে

মাতে মোক ৰিঙিয়াই।

মই মোৰ বাহটো সাজিবৰ কাৰণে

খেৰকূটা নুফুৰো গোটাই

তোৰ বুকুতেহে পাওঁ মই শান্তিৰ ঠাই।

তই কিন্তু মোক কেতিয়াও

নিদিবি হুৰাই।

পল পল অনুপল কৰি সময়বোৰ

পাৰ হৈ যায়,

তোক ভালপোৱাৰ অনুভূতিখিনিয়েই

দেখোন মোৰ মন আছে জুৰাই।

তই কিন্তু মোক ভালপাওঁ বুলি নকলেও

বেয়া পাওঁ বুলি নকবি ফুটাই।

তইটো জানই মই প্ৰেমিক চৰাই,

মোৰ সমস্ত ভালপোৱাৰে

তোৰ অনুভৱবোৰ দিম সজাই।

এদিন তোৰ ঝংকাৰিত হৃদয়বীণাৰ তালত

নাবাজিব মোৰ প্ৰাণৰ জুনুকা,

তইটো জানই আমাৰ জীৱনবোৰ

বৰ ঠুনুকা।

তেতিয়া পৰি ৰব মাথোঁ মোৰ

সোণালী সময়ৰ দুটি পাখি,

তই তাক তোৰ স্মৃতিৰ এলবামত

থবি ভৰাই আৰু মানুহে সুধিলে কবি

"এইয়া প্ৰেমিক চৰাইৰ পাখি

মোৰ স্মৃতিয়ে যাক এতিয়াও

অনাদৰ কৰা নাই।"

-----------------------


মোৰ প্রেমৰ অনুভৱ**

প্রেম হৈছে ঈশ্বৰৰ দান ।

যাক স্পর্ষ কৰিব নোৱাৰি,

দেখাও পোৱা নাযায় ।

মাথু মনৰ অনুভবৰ

কুঠালিত দুখন হিয়াৰ মিলনেই প্রেমক

জীপাল

কৰি ৰাখে।

প্রেম হৈছে স্বর্গীয় অবদান।

ই কেতিয়াও জাতি কুল

ধনি দুখিয়া নাবাচে ।

বিচাৰে মাথু এখন হৃদয়ৰ

মৰমৰ সলনি আন এখন

হৃদয়ৰ নিভাজ সঁছা মৰম

এধানি । বিচাৰে সংগোপনে

অকন মান মৰম ।

হৃদয়ে প্রেম লৈ নোফুৰে ।

প্রেমেই সাজি লয়

কলিজাত আশাৰ বালি

ঘৰ । পৰো বুলিও কোনেও

কাৰোৰে প্রেমত পৰিব

নোৱাৰী । প্রেম নিজেই

আহে সংগোপনে

কলিজাৰ দূৱাৰ খোলি ।

নজনাকৈয়ে প্রাণ ভৰি

ভাল লাগে কাৰোবাক ।

প্রেম আছে বাবেই হৃদয়ত

মৰম আছে । আৰু সেই

মৰমেই এদিন পাখি মেলি

প্রেমৰ শিকলিৰে বান্ধ খাই

পৰে এখন হৃদয়ে আন

এখন অচিনা হৃদয়ত ।

সেয়ে বোলে প্রেম অন্ধ ।

নজনাকৈ নেদেখাকৈ

নুবোজাকৈ কোন কেতিয়া

কাৰ প্রেমত পৰিব পাৰে

কোনেও কব নোৱাৰে ।



***সাঁকো***

তাই আহিছিল সাঁকোডাল ধৰি

কপিছিল হৃদয়খনি

তাইক হেৰুৱাৰ ভয় আছিলনে

তাইৰ উভতি যোৱাৰ।


বৈ যোৱা নৈৰ সূঁতি

আৱেগৰ ভৰা মাত

স্মৃতিবোৰ ৰূমন্থন কৰাৰ সময়

তাই সাঁকোডালৰ মাজত।


সেইদিনবোৰ তাইৰ লগত

এক নিষ্ঠুৰ বাস্তুৱ

কলিজাৰ একোণত বিষাদৰ সাগৰ

তাইৰ মনত পৰেনে।


মোৰো জীৱন সাঁকোডালৰ দৰে

এদিন উটি যাম

নৈৰ উঠন বুকুৰ মাজত

তাই যোৱাৰ দৰে।



অভ্যাস সলনি কৰা

********************

হয়টো তুমি বহুত কথাই জানা,

কিন্তু কোনোবা একো নজনা

মানুহেও জানিব পাৰে

তুমি নজনা কিবা বিষয় এটা ।

সেইবাবেই অহংকাৰৰ চোলা খুলি

নমনীয় দৃষ্টিৰে চোৱা তুমি ,

আক্ৰোশৰ মকৰাজাল গুচাই

আক্ৰমণৰ মনোভাৱ এৰাই,

হৃদয়ৰ মলিনতা দিয়া কমাই ।

হৃদয়খন চাফা কৰি

আনকো অলপ সন্মান দিয়া,

আনক অপমান কৰি তৃপ্তি পাব পাৰা

শান্তি কাহানিও বিচাৰি নাপাবা,

আক্ৰোশেৰে মাথোঁ কলিজা জ্বলাব পাৰিবা ।

ঈৰ্ষাৰ দহনত যদিহে জ্বলিছা ,

ছাঁই হৈ যাব সমস্ত সুচিন্তা;

যোগাত্মক চিন্তাৰ শান্তি পানীৰে

হৃদয়খন উদ্ধাৰ কৰা ,

নহ'লে মানুহক বিশ্বাসত ল'বা কেনেকৈ;

সকলোকে বেয়াই যদি পোৱা

ভাল পাবলৈ জীৱন কালত সময়ে নাপাবা,

কেতিয়া পাবা ভাল পাবলৈ  মানুহৰ ঠিকনা?

মানুহক আঘাট দি কথা কৈ

তোমাৰ অহংকাৰক  মাথোঁ তৃপ্ত কৰিছা ,

সন্মান জনাই কথা ক'লেও সৰু হৈ নোযোৱা

মাথোঁ অভ্যাস কৰা,

আনক সন্মান কৰা ,

বিনম্ৰতাৰে কথা কোৱা ;

জীৱন বহুত চুটি ... উপলব্ধি কৰা ।

******************************


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !